Mayukh hazarika biography of michael
ময়ূখ হাজৰিকা
ময়ূখ হাজৰিকা (ইংৰাজী: Mayukh Hazarika; জন্ম ১৩ জানুৱাৰী ১৯৭১) অসমৰ এজন গায়ক তথা গীতিকাৰ আৰু সুৰকাৰ।[1]Mayukh Hazarika and the Brahmaputra Balladeers নামৰ বেণ্ডটোৰ তেওঁ মুখ্য শিল্পী। তেওঁ প্ৰখ্যাত অসমীয়া কণ্ঠশিল্পী যুটী জয়ন্ত হাজৰিকা আৰু মণীষা হাজৰিকাৰ পুত্ৰ আৰু ভূপেন হাজৰিকাৰ ভতিজা।[2][3]
জীৱনী
[সম্পাদনা কৰক]প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]১৯৭১ চনৰ ১৩ জানুৱাৰী তাৰিখে গুৱাহাটীত ময়ূখ হাজৰিকাৰ জন্ম হয়। তেওঁৰ অন্য নাম 'ৰাজা'। পিতৃ-মাতৃ জয়ন্ত হাজৰিকা আৰু মণীষা হাজৰিকাৰ তেওঁ একমাত্ৰ সন্তান। তেওঁৰ ৭ বছৰ বয়সতে দেউতাকৰ মৃত্যু হয়। সৰুৰেপৰাই তেওঁ মাকৰপৰা সংগীতৰ শিক্ষা লাভ কৰে। খানাপাৰাৰ কেন্দ্ৰীয় বিদ্যালয়ত তেওঁ স্কুলীয়া শিক্ষা গ্ৰহণ কৰে আৰু পিছলৈ দিল্লী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰে। ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান, ইন্দ'ৰৰপৰা (IIM ইন্দ'ৰ) তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[4]
কৰ্মজীৱন
[সম্পাদনা কৰক]IIM-ৰপৰা উত্তীৰ্ণ হোৱাৰ পাছত হাজৰিকাই ২০০৭ চনত এন ডি টি ভি লাইফষ্টাইলত Head of Camera হিচাপে চাকৰি জীৱন আৰম্ভ কৰে। সমান্তৰালভাৱে তেওঁ মাতৃ মণীষা হাজৰিকা আৰু পত্নী লাইলি দত্ত হাজৰিকাৰ সৈতে ভাৰতৰ বাহিৰে-ভিতৰে বিভিন্ন ঠাইৰ অনুষ্ঠানত গীত পৰিৱেশন কৰি আহিছে।[5][6][7][8][9]
সংগীত জীৱন
[সম্পাদনা কৰক]প্ৰথমে তেওঁ জয়ন্ত হাজৰিকা আৰু ভূপেন হাজৰিকাৰ জনপ্ৰিয় গীতসমূহৰ ক'ভাৰ ভাৰ্চন গাই জনপ্ৰিয়তা লাভ কৰিছিল।[10][11] ২০০৯ চনৰ ৫ ফেব্ৰুৱাৰী তাৰিখে তেওঁৰ নিজৰ কথা, সুৰ আৰু কণ্ঠৰ প্ৰথমটো এলবাম 'চকুৱে যদি কথা কয়' মুক্তিলাভ কৰে।[12]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]পত্নী লাইলি দত্ত হাজৰিকাৰ সৈতে ময়ূখ হাজৰিকা দিল্লীত বাস কৰে।
গীতৰ এলবাম
[সম্পাদনা কৰক]- শ্বিলঙৰে গধূলি (২০০২)
- চকুৱে যদি কথা কয় (২০০৯)
- মনৰ মৰম (২০১২)
- Assamese Modern Songs (২০১২)
- All Time Greats Jayanta Hazarika (২০১২)
- অনুৰাধা (২০১২)[13]
- অসমৰ চিৰযুগমীয়া গীত (২০১২)